কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অধিসূচনাৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্রত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে ডিব্ৰুগড় জিলাখন অশান্ত অঞ্চল ঘোষণাৰ পৰা মুক্ত হ’ল। মুখ্যমন্ত্রী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদ মেলত এই বিষয়ে সদৰী কৰে। তেওঁ কয় যে এটা সময়ত সমগ্ৰ অসমতে এই আইন বলৱৎ হৈ আছিল। কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্রমে এই আইনখন প্ৰত্যাহাৰ কৰিছিল আৰু ৰাজ্যৰ ৬খন জিলাত আইনখন বলৱৎ হৈ আছিল। যোৱা বছৰ এনে জিলাৰ সংখ্যা ৪লৈ হ্ৰাস কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড়কো অশান্ত অঞ্চল আৰু আফস্পাৰ আওতাৰ বাহিৰলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে বৰ্তমান শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাতহে এই আইন প্ৰযোজ্য হৈ থাকিব। তেওঁ কয় যে ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ় দিবলৈ চৰকাৰে প্ৰচেষ্টা চলাই থকা বিষয়টো কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰাৰ পাছতে গৃহমন্ত্ৰী গৰাকীয়ে অসম ভ্ৰমণৰ সময়ত জিলাখনৰ পৰা এই আইন প্ৰত্যাহাৰ কৰাৰ আশ্বাস দিছিল। আইনখন প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত জিলাখন বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয়, যে এই আইন বলৱৎ থকা জিলা তিনিখনৰ বাদে অসমলৈ জাপান, নিউজিলেণ্ড আদিৰ বিদেশী পৰ্যটকৰ ব্যাপক আগমন ঘটিব। ইয়াৰ লগতে আজি মন্ত্ৰীসভাৰ বৈঠকত ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷
Site Admin | March 28, 2025 1:10 PM | dibrugarh afspa cm assam
ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰ
