কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণ দেৱী যাদৱে কালি ডিব্ৰুগড়ত জিলাখনৰ মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰৰ বিভাগীয় বিষয়াসকলৰ সৈতে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে দ্বিতীয় পৰ্যায়ৰ পোষণ অভিযানৰ অধীনত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু জিলাখনৰ আটাইবোৰ সক্ষম অংগনৱাড়ী কেন্দ্ৰৰ কাম-কাজৰ বিতংভাৱে পৰ্যালোচনা কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। শ্রীমতী যাদৱে জিলাকেইখনত মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে কেনেধৰণৰ পদক্ষেপ লোৱা হৈছে সেই বিষয়ে তথ্য বিচাৰে। তদুপৰি মিছন শক্তি আৰু মিছন বাৎসল্যৰ অধীনত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ জৰিয়তে কেনেধৰণৰ কাম-কাজ সম্পন্ন হৈছে সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে জানিবলৈ বিচাৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাকেইখনত বাল্য বিবাহ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Site Admin | February 18, 2025 12:59 PM | Dibrugarh
ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা অন্নপূর্ণ দেৱী যাদৱৰ
