ডাউনলোড
মোবাইল এপ

android apple
signal

November 8, 2024 11:35 AM | Dibru-saikhuwa

printer

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তেল খননৰ প্ৰস্তাৱ নাকচ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত তেল খননৰ প্ৰস্তাৱ নাকচ কৰিছে। মন্ত্ৰালয়ে গোচৰৰ মাজতে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি তেল খননৰ প্ৰস্তাৱ বাতিল কৰাৰ কথা ব্যক্ত কৰে। উল্লেখযোগ্য যে ২০২০ চনৰ ১১ মেত পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত সাতটা স্থানত তেল খননৰ বাবে অইল ইণ্ডিয়া লিমিটেডক পাৰিপাৰ্শ্বিক অনুমোদন প্রদান কৰিছিল। কিন্তু সকলো নিয়ম উলংঘা কৰি অইল ইণ্ডিয়াক পাৰিপাৰ্শ্বিক অনুমোদন দিয়া বুলি অধিবক্তা মৃন্ময় খাটনিয়াৰে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল।

অধিক পঢ়ক

সকলো চাওক