ডাউনলোড
মোবাইল এপ

android apple
signal

June 8, 2024 8:56 PM | dhemaji health

printer

ধেমাজিত এনকেফেলাইটিছ, ডেংগী আৰু মেলেৰীয়াৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

ধেমাজি জিলাত এনকেফেলাইটিছ, ডেংগী আৰু মেলেৰীয়া ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত বৃদ্ধি পোৱা এই ৰোগৰ ফলত জিলাখনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতি ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে এই ব্যৱস্থা লৈছে। ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ মুৰব্বী ডাঃ কিশোৰ কামানে প্ৰকাশ কৰা মতে, এইবাৰ এনে ধৰণৰ ৰোগসমূহ নিয়ন্ত্ৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰাৰ লগতে ৰোগৰ প্ৰাদূৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। তদুপৰি ৫ জুনত মেলেৰীয়া মাহৰ শুভাৰম্ভ কৰি মেলেৰীয়া নিৰ্মূলৰ বাবে পদক্ষেপ লোৱা হৈছে। জিলাখনৰ স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি চলিত বছৰৰ এক জানুৱাৰীৰ পৰা এতিয়ালৈ ধেমাজিত এজন আৰু গোগামুখত ৪ জন মেলেৰীয়াত আক্রান্ত ৰোগী ধৰা পৰিছে। আনহাতে, জোনাইত ৪ জন, চিচিবৰগাঁৱত ৬জন, ধেমাজি আৰু গোগামুখত এজনকৈ মুঠ ১২জন এনকেফেলাইটিছত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে এজন ৰোগীৰ মৃত্যু হৈছে। জিলাখনত এতিয়ালৈ ৪০১টা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিছে। তদুপৰি ২৮ হাজাৰৰো অধিক আঁঠুৱা ঔষধিকৰণ কৰি বিতৰণ কৰা হৈছে। ৰোগৰ প্ৰাদূৰ্ভাৱ হোৱা অঞ্চলসমূহত স্বাস্থ্য বিভাগে ধোঁৱা দিয়া কাম অব্যাহত ৰাখিছে। একেদৰে জনসাধাৰণক মহৰ উৎপত্তি হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰখাৰ উপৰি আঁঠুৱা ব্যৱহাৰ কৰিবলৈ আৰু পানী জমা নোহোৱাকৈ ৰাখিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক