ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা বছৰৰ পৰা নিযুক্তি পৰীক্ষাৰ পৰিৱৰ্তে, উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি শিক্ষামন্ত্ৰী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে ১০টা নতুন পদ সৃষ্টি কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক পুনর্গঠনৰ পৰিকল্পনা লৈছে। NEET UG অনলাইন নে কাগজে কলমে অনুষ্ঠিত হ‘ব সেই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে চৰকাৰে অদূৰ ভৱিষ্যতে কম্পিউটাৰৰ সহায়ত আৰু প্ৰযুক্তি চালিত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্য লৈছে। মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্তব্য কৰে।শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে বিগত
৮ বছৰত প্ৰতিজন শিক্ষাৰ্থীৰ শিক্ষাৰ বাবে কৰা ব্যয় ১৩০ শতাংশ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে।এই ব্যয় ২০১৩-১৪ বৰ্ষত ১০ হেজাৰ ৭৮০ টকাৰ পৰা বৃদ্ধি হৈ ২০২১ -২২ বৰ্ষত ২৫ হাজাৰ ৪৩ টকা হৈছেগৈ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।শ্রী প্রধানে কয় যে প্রধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত চৰকাৰে ১ লাখ কোটি টকাৰো অধিক ধন ব্যয় কৰিছে।
এখন দেশ এবাৰ subscription সন্দৰ্ভত শ্রী প্রধানে কয় যে সম্প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ১৩ হাজাৰৰো অধিক ই জাৰ্ণেল উপলব্ধ হৈছে আৰু পৰৱৰ্তী তিনি বছৰত চৰকাৰে এই পদক্ষেপৰ অধীনত ছহেজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি তেওঁ উল্লেখ কৰে।