August 27, 2024 5:57 PM | Bangladesh | Dhaka

printer

ঢাকাত ৩৭৮ জন আনচাৰ জোৱানক জে’ললৈ প্ৰেৰণ

দেওবাৰে নিশা ঢাকাৰ কেন্দ্ৰীয় সচিবালয়ৰ সন্মুখত আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত বাংলাদেশৰ ঢাকা আদালতে সোমবাৰে ৩৭৮ জন আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীক জে’ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, নাম উল্লেখিত ৪৩৭ আৰু নাম উল্লেখ নথকা ১১ হাজাৰ ১০০ জনক চাৰিটা গোচৰত অভিযুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে দেওবাৰে নিশা ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৪০ জন আহত হোৱাৰ উপৰিও সোমবাৰে জাৰি কৰা আন্তঃসেৱা জনসংযোগ কাৰ্য্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কমেও ৬ জন সেনা আহত হয়। ইয়াৰে এজন সংকটজনক অৱস্থাত আছে। সচিবালয়ত বৈষম্য বিৰোধী ছাত্র আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তিক ঘেৰাও কৰা বুলি বাতৰি প্ৰকাশ হোৱাত নিশা ৯ বজাৰ পাছত এই সংঘৰ্ষ আৰম্ভ হয়। ইয়াৰ পাছতে ঢাকা বিশ্ববিদ্যালয়ে ছাত্র-ছাত্রীসকল একগোট হৈ ঘেৰাও কৰা ছাত্ৰজনৰ মুক্তিৰ দাবীত সচিবালয়লৈ প্ৰতিবাদমুখী যাত্ৰা আৰম্ভ কৰে। ইয়াৰ পূৰ্বে দেওবাৰে বিয়লি অৰ্ধ-সামৰিক সহায়ক বাহিনী, বাংলাদেশ আনচাৰৰ জোৱানে নিজ চাকৰি ৰাষ্ট্ৰীয়কৰণৰ দাবীত অনিৰ্দিষ্ট কালৰ বাবে সচিবালয়ৰ কমপ্লেক্সত কোনো ধৰণৰ প্ৰৱেশ বা প্ৰস্থানত বাধা আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু আনচাৰ পুৰুষৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ লগে লগে পৰিস্থিতি তীব্ৰতৰ হয়। ইউনাইটেড নিউজ অৱ বাংলাদেশ ইউ এন বিৰ বাতৰি অনুসৰি, ঘটনাস্থলীত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল।