ডাউনলোড
মোবাইল এপ

android apple
signal

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত প্রশিক্ষণ লাভ কৰা ১,৯৪৬ মণিপুৰ আৰক্ষী জোৱানৰ দীক্ষান্ত কুচ-কাৱাজত অংশগ্ৰহণ

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত প্রশিক্ষণ লাভ কৰা এহেজাৰ ৯৪৬ আৰক্ষী জোৱানে আজি দীক্ষান্ত কুচ-কাৱাজত অংশগ্ৰহণ কৰে। অসম আৰু মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে এই কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কুচ-কাৱাজৰ সামৰণিত ৰাজ্যপাল আচাৰ্যই এই জোৱানসকলক কৰ্তব্য আৰু দায়িত্বৰ শপতবাক্য পাঠ কৰায়। দীক্ষান্ত ভাষণত ৰাজ্যপাল আচাৰ্যই ১৬ শতিকাৰ মহান বীৰ লাচিত বৰফুকনৰ আদর্শেৰে অনুপ্ৰাণিত হৈ দেশ আৰু ৰাজ্যৰ সেৱা কৰি যাবলৈ জোৱানসকলক আহ্বান জনায়। কৰ্তব্য নিষ্ঠাৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰি যাবলৈ তেওঁ নৱনিযুক্ত জোৱানসকলক পৰামৰ্শ দিয়ে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত মণিপুৰ আৰক্ষীৰ এই জোৱানসকলক আধুনিক প্ৰশিক্ষণ দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় আৰু দুয়োখন ৰাজ্যৰ আৰক্ষী বাহিনীয়ে অদূৰ ভৱিষ্যতে অধিক সহযোগিতাৰে কাম কৰি যাবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে। দীক্ষান্ত সমাৰোহত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিং, বিশেষ সঞ্চালকপ্রধান হৰমিত সিং, সাংসদ কামাখ্যা প্রসাদ তাছা, কৃষিমন্ত্রী অতুল বৰা, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু অসম আৰু মণিপুৰ আৰক্ষীৰ ভালেকেইগৰাকী উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক