ৰাছিয়াৰ প্ৰথম উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰ’ৱ ভাৰত ভ্ৰমণ কৰাৰ উদ্দেশ্যে কালি মুম্বাইত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ভাৰত- ৰাছিয়া সন্মিলনত আজি ৰাছিয়াৰ উপ-প্রধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হ’বলৈ তেওঁ আগ্ৰহেৰে ৰৈ থকা বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দেশ দুখনৰ মাজত অর্থনৈতিক মিত্ৰতা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এই সন্মিলনৰ জৰিয়তে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ।
Site Admin | November 11, 2024 11:53 AM | deputy PM Russia