দেশজুৰি কাইলৈ গণৰাজ্য দিৱস উদযাপন কৰা হ’ব। গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লীত নিশ্ছিদ্র নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে দিল্লীত ছয় তৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মহানগৰখনত অৰ্ধসামৰিক বাহিনীৰ ৭০ টাৰো অধিক কোম্পানীৰ লগতে ১৫ হাজাৰৰো অধিক আৰক্ষী নিয়োগ কৰা হ’ব। সুৰক্ষা ব্যৱস্থাত ড্ৰোন আৰু চি চি টিভি ব্যৱহাৰ কৰা হ’ব। চাইবাৰ বিশেষজ্ঞই অহৰহ নিৰাপত্তা ব্যৱস্থাৰ নিৰীক্ষণ কৰিব। গণৰাজ্য দিৱসৰ পেৰেডৰ পথ আৰু কাষৰীয়া এলেকাত কমেও ৫০০ টা উচ্চ ক্ষমতাসম্পন্ন এ আই কেমেৰা স্থাপন কৰা হৈছে। কর্তব্যপথক ইতিমধ্যে সু-সজ্জিত কৰি তোলা হৈছে। এইবাৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ প্ৰতীকপটৰ বিষয়বস্তু হৈছে ঐতিহ্য আৰু বিকাশ। প্রতীকপটৰ মাধ্যমেৰে দেশৰ ঐতিহ্য আৰু যোৱা কেইবাটাও দশক ধৰি দেশৰ বিকাশক তুলি ধৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ লগতে শোভাযাত্ৰাত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপটে অংশগ্ৰহণ কৰিব।
গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ সীমান্তত বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে। দেশখনৰ সৈতে থকা মুঠ চাৰি হাজাৰ ৯৬ কিলোমিটাৰ সীমান্তত বি এছ এফে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। দ্বীপৰাষ্ট্ৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ৱ ছুবিয়াণ্টোৱে এইবাৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মার্চপাষ্টত প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি ছুবিয়াণ্টো শুকুৰবাৰে নিশা নতুন দিল্লীত উপস্থিত হয়। আজি হায়দৰাবাদ হাউছত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। অতিথি ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আয়োজন কৰা অভ্যর্থনাত উপস্থিত থাকিব। গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া প্ৰবৰ’ ছুবিয়াণ্টো হৈছে ইণ্ডোনেছিয়াৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি।