ডাউনলোড
মোবাইল এপ

android apple
signal

February 5, 2025 1:06 PM | Delhi Polls

printer

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আৰম্ভ, ৬৯৯গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্ৱন্দ্ৱিতা

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আজি আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব । মুঠ ভোটদাতাৰ ভিতৰত ৮৩ লাখৰো অধিক পুৰুষ, প্ৰায় ৭২ লাখ মহিলা আৰু এহেজাৰ ২৬৭ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। দিল্লী নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু মন্ত্ৰী গোপাল ৰায়, বিজেপিৰ ৱিজেন্দ গুপ্তা, প্ৰৱেশ ৱাৰ্মা, ৰমেশ বিধোৰী আৰু কৈলাশ গেহলট, কংগ্ৰেছৰ সন্দীপ দিক্সিত, হাৰুণ ইউছুফ আৰু আলকা লাম্বা অন্যতম। ৰাষ্ট্ৰীয় ৰাজধানীখনত নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৭০টা বিধানসভা সমষ্টিত ১৩ হাজাৰ ৭০০ৰো অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰ ভিতৰত ৭০টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে আন ৭০টা ভোটকেন্দ্ৰ দিব্যাংগসকলৰ দ্বাৰা পৰিচালিত হ’ব। নির্বাচন আয়োগে দিল্লী বিধানসভাৰ নিৰ্বাচন সূচাৰুৰূপে পৰিচালনাৰ বাবে ১ লাখ ৮০ হাজাৰৰো অধিক বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে। ভোটকেন্দ্ৰসমূহত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ হুইল চেয়াৰ, চিকিৎসা কৰ্মীৰ দল, ক্ৰেচৰ সুবিধাকে ধৰি প্ৰায় সকলোবোৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নিৰ্বাচনী বিষয়া তথা ভোটদাতাসকলে যাতে সময়মতে ভোটকেন্দ্ৰত উপস্থিত হ’ব পাৰে তাৰবাবে আজি পুৱা ৪ বজাৰ পৰাই দিল্লী মেট্ৰ’ৰ সেৱা আৰম্ভ কৰা হৈছে।

দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাই জনসাধাৰণক সদলবলে ওলাই আহি নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। শ্ৰীছাক্সেনাই কয়, যে ভোটদানৰ অধিকাৰে জনসাধাৰণক তেওঁলোকে বিচৰা ধৰণে দিল্লী চহৰক গঢ়ি তোলাত সহায় কৰিব। নিৰ্বাচনত জনসাধাৰণৰ অংশগ্রহণে শক্তিশালী গণতন্ত্ৰণৰ ভেঁটি নিৰ্ণয় কৰে বুলি লেফটেনেণ্ট গভর্ণগৰাকীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক