দিল্লী উচ্চ ন্যায়ালয়ে সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফত তৃতীয় এম এ চি পি অর্থাৎ নিশ্চিত দৰমহা বৃদ্ধি আঁচনি বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। বাহিনীটোৰ কেইগৰাকীমান অৱসৰপ্ৰাপ্ত বিষয়া আৰু জোৱানে চাকৰি জীৱনৰ ৩০ বছৰ সম্পূৰ্ণ কৰাৰ পাছত তৃতীয় এম এ চি পি লাভ কৰিবলৈ জনোৱা আবেদন বি এছ এফ কর্তৃপক্ষই প্রত্যাখান কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই জনোৱা আবেদন মর্মে দিল্লী উচ্চ ন্যায়ালয়ে এই নির্দেশ দিয়ে। আবেদনখনত তেওঁলোকে মূল দৰমহা আৰু পেন্সনৰ গাঁথনি সংশোধনীৰ ক্ষেত্ৰতো আদালতৰ হস্তক্ষেপ বিচাৰিছিল। উল্লেখযোগ্য যে ২০১৯ চনত দিল্লী উচ্চ ন্যায়ালয়ে বি এছ এফত বিভিন্ন পদবীৰ পৰা অৱসৰ গ্ৰহণৰ বাবে থকা ভিন ভিন বয়সসীমাৰ ব্যৱস্থাত বৈষম্যমূলক আৰু অসাংবিধানিক বুলি ৰায় দিছিল। এই ৰায়টোত উচ্চ ন্যায়ালয়ে সকলোবোৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত অৱসৰ গ্ৰহণৰ উচ্চসীমা একে ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু সংশ্লিষ্ট সকলো বাহিনীকে নির্দেশ দিছিল। বি এছ এফত এই নির্দেশ কার্যকৰী নকৰা বুলি অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলে আদালতত অভিযোগ দাখিল কৰিছিল ।
Site Admin | December 26, 2024 8:39 PM | Delhi high court