৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতে মনোনয়ন প্রক্রিয়া কালি আৰম্ভ হয়। মনোনয়নৰ কালি প্ৰথম দিনা বিভিন্ন বিধানসভা সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অহা ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ নিজ এলেকাত ভোটদাতাসকলক আকৰ্ষিত কৰিবৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী পার্ভেশ বার্মাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত গৈ প্ৰচাৰ চলাইছে। একেটা সমষ্টিৰে কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতেও প্ৰচাৰ অভিযানত নামি পৰিছে। এইখন আসনৰ পৰাই আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালেও প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। কলকাজি বিধানসভা সমষ্টিৰ পৰা প্রার্থিত্ব আগবঢ়োৱা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে নিজৰ সমষ্টিত প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। একেটা সমষ্টিৰ পৰা প্রার্থিত্ব আগবঢ়োৱা বিজেপি ৰমেশ বিধুৰীয়ে কালি গোবিন্দপুৰী আৰু অন্যান্য অঞ্চলসমূহত নিৰ্বাচন প্ৰচাৰ চলায়। মালবিয়া নগৰ অঞ্চলত বিজেপি প্রার্থী সতীশ উপাধ্যায় আৰু আম আদমী পাৰ্টিৰ প্রার্থী সোমনাথ ভাৰতীয়ে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। ৰাজৌৰি গাৰ্ডেনৰ বিজেপি প্রার্থী মজিন্দাৰ সিং ছিৰছাই কালি এখন জনসভাত অংশ লয়। উল্লেখযোগ্য যে দিল্লী বিধানসভা নির্বাচন অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ’ব ।
Site Admin | January 11, 2025 12:24 PM | delhi election nomination
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কালি ৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল; ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন
