ডাউনলোড
মোবাইল এপ

android apple
signal

February 8, 2025 9:35 PM | delhi election bjp

printer

তিনি দশকৰ পাছত দিল্লীৰ ক্ষমতা দখল বিজেপিৰ

বিজেপিয়ে দিল্লীত তিনি দশকৰ পাছত ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। আজি অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ তথ্য অনুসৰি দলটোৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে পৰাজয় বৰণ কৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাত বিজেপিয়ে ৪৮ খন, আম আদমী পাৰ্টীয়ে ২২ খন আসন লাভ কৰে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰবেশ ছাহিব সিং, জুনপুৰাৰ তৰবিন্দ সিং মাৰোৱা, কাৰৱাল নগৰৰ পৰা কপিল মিশ্ৰ, ৰজৌৰি গার্ডেনৰ পৰা মনজিন্দৰ সিং চিছা, গান্ধীনগৰৰ পৰা অৰবিন্দৰ সিং লাভলী, গ্ৰেটাৰ কৈলাশৰ পৰা শিখা ৰয় আৰু মটি নগৰৰ পৰা হাৰিষ খুৰানা। আম আদমী পাৰ্টীৰ পৰা জয়ী হোৱা নেতাসকলৰ ভিতৰত আছে কালকাজি সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী আতিছি, সদৰবাজাৰত সোম দত্ত, বাবৰপুৰত গোপাল ৰায়, দিল্লী চাউনীৰ পৰা বিৰেন্দ্ৰ সিং কাৰিয়ান, কন্দলী আসনখনৰ পৰা কুলদীপ কুমাৰ, তিলক নগৰৰ পৰা জার্নেল সিং, বল্লীমাৰানৰ পৰা ইমৰাণ হুছেইন আৰু ছুলতানপুৰ মাজৰা সমষ্টিৰ পৰা মুকেশ কুমাৰ আহ্বাৱাট। উল্লেযোগ্য যে আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, দলৰ নেতা মনিষ চিছোড়িয়া, সৌৰভ ভৰদ্বাজম আৰু কংগ্ৰেছ সন্দীপ দিক্ষীতে পৰাজয় বৰণ কৰিছে। ইফালে উত্তৰ প্ৰদেশৰ মিল্কিপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনত বিজেপিৰ চন্দ্ৰভানু পাচোৱানে জয়লাভ কৰিছে। তামিলনাডুৰ ইৰোড পূব বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে।

অধিক পঢ়ক

সকলো চাওক