ডাউনলোড
মোবাইল এপ

android apple
signal

January 21, 2025 9:18 PM | delhi election bjp

printer

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰৰ দ্বিতীয় অংশ প্ৰকাশ

৭০জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিভিন্ন দলৰ প্ৰাৰ্থী আৰু তাৰকা প্ৰচাৰকসকলে ৰ’ডশো, জনসভা আৰু ঘৰে ঘৰে গৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰৰ দ্বিতীয় অংশ প্ৰকাশ কৰে। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ জ্যেষ্ঠ নেতা অনুৰাগ ঠাকুৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিল্লীৰ যুৱক-যুৱতীসকলক ১৫ হাজাৰ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ কয়, যে দলে প্রাক্-প্রাথমিক পৰ্য্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্য্যায়লৈ অভাৱী শিক্ষাৰ্থীসকলৰ চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত বিনামূলীয়া শিক্ষা প্ৰদান কৰিব। কাৰিকৰী আৰু বৃত্তিমুখী পাঠ্যক্রম সম্পূর্ণ কৰাৰ বাবে ড০ বি আৰ আম্বেদকাৰ জলপানি আঁচনিৰ অধীনত অনুসূচিত জাতিৰ বিদ্যাৰ্থীসকলক প্রতি মাহে এহেজাৰ টকাৰ জলপানি আগবঢ়োৱা হ’ব বুলি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰকাশ কৰে।

বিজেপিৰ সংকল্প পত্ৰৰ দ্বিতীয় অংশ সন্দৰ্ভত আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে কয়, যে দিল্লী চৰকাৰে কেন্দ্ৰীয়শাসিত অঞ্চলটোত শিক্ষা বিনামূলীয়া কৰি তুলিছে আৰু প্ৰায় ১৮ লাখ দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া শিক্ষা লাভ কৰিছে। বিজেপিয়ে ক্ষমতালৈ আহিলে বিনামূলীয়া শিক্ষা, চিকিৎসা আৰু বিদ্যুৎ যোগান বন্ধ কৰিব বুলি তেওঁ দাবী কৰে।

ইপিনে, কংগ্ৰেছে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰে বিগত ১০ বছৰত দলিত আৰু বাল্মিকী সমাজৰ জনসাধাৰণক অৱহেলা কৰা বুলি অভিযোগ তোলে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ জ্যেষ্ঠ নেতা ড০ উদীত ৰাজে লগতে আম আদমী পার্টীয়ে দলিতসকলৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাক দুৰ্বল কৰি তোলা বুলিও অভিযোগ উত্থাপন কৰে।

দিল্লী বিধানসভাৰ বাবে ৫ ফেব্ৰুৱাৰীত নির্বাচন অনুষ্ঠিত হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক