৫ ফেব্ৰুৱাৰীত হ‘বলগীয়া ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পার্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব‘ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰোহিনী আৰু বাজিৰপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ৰোহিনীত এখন জনসভাত ভাগ লৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দিল্লীত বিজেপি শাসনলৈ আহিলে মহানগৰখনৰ মহিলাসকলক দুহেজাৰ ৫০০ টকাকৈ প্ৰদান কৰা হ‘ব বুলি উল্লেখ কৰে। তেওঁ লগতে কয়, যে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই ২১ হাজাৰ টকাকৈ লাভ কৰিব আৰু দিল্লীৰ আবাসীসকলে এল পি জি চিলিণ্ডাৰ ৫০০ টকাত লাভ কৰিব। শ্রী শ্বাহে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে নির্বাচনত জিকিবলৈ যমুনা নদীত বিহ দিয়া বুলি বিজেপিক অভিযোগ কৰা বিষয়টোৰ সমালোচনা কৰে। ইপিনে কৃষ্ণ নগৰত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ সভাপতি জে পি নাড্ডাই আপে বিগত ১০ বছৰত ৰাষ্ট্ৰৰ ৰাজধানীখনত কোনো বিশেষ কাম নকৰিলে বুলি অভিযোগ কৰে। তেওঁ কয়, যে আপে কেন্দ্ৰীয় চৰকাৰৰ কোনো আঁচনিৰ সুবিধা গ্রহণ নকৰিলে আৰু জনসাধাৰণক প্ৰৰোচিত কৰিলে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যমুনা নদীত বিহ দিয়া আৰু অবৈধ সুৰা কেলেংকাৰীকে ধৰি অন্যান্য বিষয়ক লৈ আপক কঠোৰ সমালোচনা কৰে। আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে কংগ্ৰেছ দলে বিজেপিৰ সৈতে লগ হৈ তেওঁৰ দলে বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাটো নিশ্চিত কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে। শ্রী কেজৰিৱালে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছে বিজেপিৰ সৈতে হাত মিলাইছে বুলি দাবী কৰি দলৰ কাৰ্যকৰ্তাসকলক কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনায়। আপৰ জ্যেষ্ঠ নেতা তথা পাঞ্জাবৰ মুখ্যমন্ত্রী ভগবন্ত মানেও আজি কেইবাখনো জনসভা আৰু ৰোড শ্ব‘ত অংশ লয়। দলীয় প্রার্থীৰ সমর্থনত শ্রী মানে কয়, যে আপে বিগত সময়ছোৱাত বিনামুলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বিদ্যালয় আৰু হাস্পতালৰ উন্নত আন্তঃগাঁথনি আদিকে ধৰি পূৰ্বৰ নিৰ্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিছে বুলি মত প্রকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দিল্লী কেন্টনমেন্ট আৰু বিশ্বাসনগৰ সমষ্টিত প্ৰচাৰ চলায়। একেদৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফাড়নাবিছে মুষ্টাফাবাদ, গকুলপুৰ আৰু বাবৰপুৰ ৰেলীত অংশ লয়। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাৰাৱাল নগৰ, ঘোন্দা আৰু চান্দনী চ‘কত তিনিখন প্ৰচাৰ সভাত ভাগ লয়।
Site Admin | January 30, 2025 8:47 PM | Dalhi election
দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ
