দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে মুঠ ৭১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক ২৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দিল্লীৰ মুখ্য নির্বাচনী বিষয়াই জনোৱা মতে মুঠ এহেজাৰ ৫২২ খন মনোনয়ন পত্ৰৰ ভিতৰত ৪৭৭ খন মনোনয়ন বাতিল হৈছে। দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু ৮ ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ’ব।
Site Admin | January 20, 2025 12:52 PM | Election update