ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লী বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল

 বিত্ত বিভাগৰ দায়িত্বত থকা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দিল্লী বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। দিল্লীত বিজেপিৰ নেতৃত্বৰ চৰকাৰ গঠনৰ পাছত এইখন হৈছে প্ৰথমখন বাজেট। বাজেট দাখিল কৰি সদনত শ্ৰীমতী গুপ্তাই কয়, যে এক লাখ কোটি টকাৰ এই বাজেটখনত প্ৰতিটো খণ্ডৰ উন্নয়ন আৰু বিকাশত গুৰুত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি বাজেটত মূলধনী ব্যয় ২৮ হাজাৰ কোটি টকাৰো অধিক ধাৰ্য কৰা হৈছে । এয়া হৈছে পূৰ্বৰ বাজেটৰ প্ৰায় দুগুণ। দিল্লী চৰকাৰৰ অন্যতম প্রধান আঁচনি মহিলা সমৃদ্ধি যোজনাত পাঁচ হাজাৰ ১০০ কোটি টকা আৱণ্টন দিয়া হৈছে। দিল্লীৰ এশটা স্থানত অটল কেণ্টিন স্থাপনৰ বাবে এশ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। বাজেটখনক মুখ্যমন্ত্রী গুপ্তাই ঐতিহাসিক আখ্যা দি কয়, যে এইখন বাজেটে দিল্লীক গোলকীয় আন্তঃগাঁথনি হাব হিচাপে গঢ়ি তুলিব। সদনত কাইলৈ বাজেট সন্দৰ্ভত আলোচনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক