দিল্লী বিধানসভাৰ বাজেট অধিৱেশন আজি প্রশ্নকালীন ঘণ্টাৰে আৰম্ভ হয়। প্রশ্নকালীন ঘণ্টাৰ সময়ছোৱাত শাসকীয় আৰু বিৰোধী দলৰ সদস্যসকলে নিজৰ নিজৰ সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিশেষকৈ পুৰণি পেঞ্চন আঁচনি, ৰাস্তা-ঘাট, পানী যোগান, যান-বাহনৰ সমস্যা আদি সন্দৰ্ভত আলোচনা কৰে ।
প্রশ্নকালীন ঘণ্টাত বিধানসভাৰ অধ্যক্ষ বিজেন্দৰ গুপ্তাৰ নিৰ্দেশত বিৰোধী দলৰ নেত্ৰী আতিশী, বিচেছ ৰবি, কুলদীপ কুমাৰ আৰু সঞ্জয় ঝাকে ধৰি আম আদমি দলৰ কেইবাজনো বিধেয়কক সদনৰ কাৰ্যক্ৰমণিকা চলাই নিয়াত বাধা আৰোপ কৰাৰ অভিযোগত মাৰ্শ্বালৰ সহায়ত বাহিৰ কৰি দিয়া হয়। ইয়াৰ পাছত সদনত দিল্লীৰ পৰিবহণ নিগম সন্দৰ্ভত কেগৰ প্ৰতিবেদনৰ আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে যোৱা ২৪ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কেগৰ প্ৰতিবেদন উত্থাপন কৰিছিল। এই আলোচনা আৰম্ভ হোৱাৰ আগতে বিৰোধী দলৰ আটাইবোৰ বিধায়কে সদনৰ পৰা প্ৰস্থান কৰে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিধায়ক সতীশ উপাধ্যায়ে কয়, যে কেগৰ প্ৰতিবেদন অনুসৰি পূৰ্বৰ আম আদমী পাৰ্টীৰ চৰকাৰখনে জনসাধাৰণক উন্নত পৰিবহণ সুবিধা দিয়াৰ বিপৰীতে নিগমটোত দুৰ্নীতিৰহে ক্ষেত্ৰ কৰি তোলে। ইয়াৰ ফলত নিগমে বহু কোটি টকা লোকচানৰ মুখামুখি হৈছে। ইপিনে, বিৰোধী নেত্ৰী তথা আম আদমি দলৰ বিধায়িকা আতিশী আৰু অন্যান্য বিধায়কে বিজেপিৰ মহিলা সমৃদ্ধি যোজনা, ২০২৫ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী আতিশীয়ে অভিযোগ কৰে, যে বিজেপিয়ে এই মাহৰ ৮ তাৰিখে মহিলাসকলক দুহেজাৰ ৫০০ টকাকৈ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই।