সমগ্ৰ দেশৰ লগতে অসমতো ডিজিটেল লেনদেনে দৈনিক নতুন অভিলেখ ৰচনা কৰিছে। বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহতে এই লেনদেনে ১০ লাখ কোটি টকা অতিক্ৰম কৰিছে। কোভিড সংক্ৰমণৰ পাছৰে পৰা ডিজিটেল লেনদেন বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বৰ নেট বেংকিং, এন ই এফ টি, মোবাইল বেংকিং আদিৰ তুলনাত ইউ পি আইৰ ব্যৱহাৰ অধিক সহজ হোৱাত ডিজিটেল লেনদেন জনপ্ৰিয় হোৱা বুলি বিত্ত বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে।
Site Admin | May 15, 2024 11:40 AM | Degitel transaction