ডাউনলোড
মোবাইল এপ

android apple
signal

ফিলিপাইন্‌ছত কাইলৈ ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে সহ-অধ্যক্ষতা কৰিব

প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে কাইলৈ ফিলিপাইন্‌ছৰ ৰাজধানী মনিলাত হ’বলগীয়া ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত সহ-অধ্যক্ষতা কৰিব। ফিলিপাইন্‌ছৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অবৰ সচিব ইৰিনিঅ’ ক্রুজ এছপিন’ৱে শ্ৰী আৰমানেৰ সৈতে এই বৈঠকত সহ-অধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রী আৰমানে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰিব। তেওঁ লগতে ফিলিপাইন্‌ছ চৰকাৰৰ অন্য বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিব। ভাৰত আৰু ফিলিপাইন্‌ছৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই যুটীয়া প্ৰতিৰক্ষা কমিটীখন গঠন কৰা হৈছে। ২০১২ চনত মনিলাত কমিটীৰ প্ৰথমখন বৈঠক আৰু ২০১৭ চনত দিল্লীত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল। ভাৰত আৰু ফিলিপাইনছে দুয়ো দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ আৰু ভাৰতৰ এক্ট ইষ্ট নীতিৰ দশম বর্ষপূর্তি উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰী আৰমানেৰ এই ভ্রমণ বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক