নতুন সৈনিক স্কুলসমূহক লৈ একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰিক অগ্ৰাহ্য প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

♦ নতুন সৈনিক স্কুলসমূহ ৰাজনৈতিক অথবা আদর্শগত যোগসূত্ৰৰ ভিত্তিত প্রতিষ্ঠানসমূহক আৱণ্টন কৰা বুলি একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে অগ্ৰাহ্য কৰিছে। মন্ত্ৰালয়ে কৈছে যে, এনে ধৰণৰ বাতৰি ভিত্তিহীন। সৈনিক স্কুলসমূহ ১৯৬০ চনত সৈনিক স্কুল সমাজৰ অধীনত স্থাপন কৰা হৈছিল বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে, বৰ্তমানৰ ৩৩ খন সৈনিক বিদ্যালয়ৰ সাফল্যৰ পৰিপ্ৰেক্ষিতত দেশত অতিৰিক্ত সৈনিক স্কুলৰ দাবী উত্থাপন হৈ আহিছে। সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক সৈনিক স্কুলৰ আৰ্হিৰ শিক্ষাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে চৰকাৰে ১০০ খন বিদ্যালয় স্থাপনৰ আঁচনি আৰম্ভ কৰিছে বুলি মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে। নতুন সৈনিক স্কুল স্থাপনৰ এই আঁচনি সুচিন্তিত বুলি উল্লেখ কৰি মন্ত্ৰ্যালয়ে কৈছে যে, উদ্দেশ্য পালন সুনিশ্চিত কৰাৰ বাবে পৰীক্ষণ আৰু সন্তুলনৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত জটিল বাছনি প্ৰক্ৰিয়া আৰু যোগ্য ছাত্র-ছাত্রীসকলক বিত্তীয় সাহায্য প্ৰদানৰ বাবে শক্তিশালী উদগনিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, আবেদনকাৰী প্ৰতিষ্ঠানসমূহৰ ৰাজনৈতিক অথবা আদৰ্শগত সম্পর্কই বাছনি প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব নোৱাৰে।

অধিক পঢ়ক

সকলো চাওক