ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰতিৰক্ষা খণ্ডৰ বৰ্তমান-ভৱিষ্যতৰ সংস্কাৰত গতি প্ৰদানৰ উদ্দেশ্যে ২০২৫ বৰ্ষ সংস্কাৰৰ বৰ্ষ হিচাপে ঘোষণা

প্ৰতিৰক্ষা খণ্ডৰ বৰ্তমান আৰু ভৱিষ্যতৰ সংস্কাৰত গতি প্ৰদানৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ২০২৫ বৰ্ষ সংস্কাৰৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি, প্ৰকল্প আৰু সংস্কাৰৰ প্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সচিবসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত শ্ৰী সিঙে সংস্কাৰৰ বৰ্ষটো সশস্ত্র বাহিনীসমূহৰ আধুনিকীকৰণৰ যাত্ৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয়, যে ই দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি অভূতপূর্ব অগ্ৰগতিৰ বাবে ভেটি স্থাপন কৰিব। সশস্ত্র বাহিনীসমূহক কাৰিকৰী দিশৰ পৰা আগবঢ়া, সংহত অভিযানৰ সামর্থ থকা সকলো প্ৰত্যাহ্বানৰ বাবে সাজু বাহিনীলৈ ৰূপান্তৰ কৰাই এই সংস্কাৰৰ মূল উদ্দেশ্য। এই উদ্দেশ্য পূৰণৰ বাবে ২০২৫ বৰ্ষত সংস্কাৰ সাধন কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত প্ৰতিৰক্ষা সা-সামগ্ৰীৰ উৎপাদন বৃদ্ধি, আন্তঃগাঁথনিৰ উন্নয়ন, ক্রয় প্রক্রিয়া ত্বৰান্বিত কৰা আৰু কৃত্রিম বুদ্ধিমত্তা, ড্রোন আৰু চাইবাৰ যুদ্ধ সামৰ্থৰ দৰে নিত্য নতুন প্রযুক্তি গ্রহণ অন্যতম।

অধিক পঢ়ক

সকলো চাওক