ডাউনলোড
মোবাইল এপ

android apple
signal

আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন কৰি টেনেছিৰ মেম্পিফছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। আটলাণ্টা, মেম্পিফছ আৰু নেচভিলৰ পৰা অহা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি শ্রীসিঙে তেওঁলোকৰ কৃতিত্ব, সমাজ, বিজ্ঞান আৰু অৰ্থনীতিলৈ আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে প্ৰশংসা কৰে। শ্ৰীসিঙে তেওঁলোকক ভাৰত আৰু আমেৰিকাৰ মাজৰ এখন জীৱন্ত সেতু বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত তেওঁলোকৰ সদিচ্ছা আৰু ঘনিষ্ঠ সম্পর্ক সম্ভৱ হৈ উঠিছে। ২০১৯ চনত মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীত গান্ধীজীৰ এখন প্ৰদৰ্শনী আৰু ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয়ৰ সমীপত দুটা সন্মানীয়, গান্ধী ৱে ষ্ট্রীট ছিগনেল স্থাপনৰ ক্ষেত্ৰত ভাৰতীয় সম্প্রদায়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰো শলাগ লয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয়ত সপ্তদশ শতিকাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক অধিকাৰ আন্দোলনৰ ইতিহাস সংৰক্ষিত হৈ আছে আৰু এই সংগ্ৰহালয়টো ১৯৬৮ চনত কনিষ্ঠ মাৰ্টিন লুথাৰ কিঙৰ হত্যাকাণ্ড সংঘটিত এলেকাৰ আশে-পাশে স্থাপন কৰা হৈছে । এই সংগ্ৰহালয়ৰ চৌহদতে অহিংস আন্দোলনৰ প্ৰতি থকা সমর্থনৰ স্বীকৃতিস্বৰূপে বাপুজীৰ এটা আবক্ষ মূৰ্তিও স্থাপন কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক