ডাউনলোড
মোবাইল এপ

android apple
signal

জাপানত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত আজি মহিলাৰ ৪০০ মিটাৰ T20 শাখাত সোণৰ পদক অৰ্জনৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০-৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। আনহাতে ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিছকাছ থ্ৰ’ F56 শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰিছে। ইপিনে কালি ভাৰতৰ নিছাদ কুমাৰে হাই জাম্পত ৰূপৰ পদক আৰু প্ৰীতি পলে মহিলাৰ ২০০ মিটাৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। নিছাদ কুমাৰে পুৰুষৰ হাই জাম্প T47 শাখাত ফাইনেলত এক দশমিক ৯-৯ মিটাৰৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে ৰূপৰ পদক অৰ্জন কৰে। আনহাতে প্রীতি পলে মহিলাৰ ২০০ মিটাৰ T35 শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে, পেৰিছ ২০২৪ পেৰা অলিম্পিক গেমছৰ কোৱালিফায়াৰৰ বাবে পূব এছিয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ক’বে ২০২৪ পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক