গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰা সিদ্ধান্তক লৈ জাননী জাৰি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ অন্যতম বৃহৎ জলাশয়টোৰ সুৰক্ষাক লৈ ন্যায়ালয়ত বিচাৰাধীন এটা গোচৰত দাখিল কৰা এখন হস্তক্ষেপমূলক আবেদনৰ শুনানিৰ পাছত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই ৰায় দিয়ে। শুনানিত ৰাজ্য চৰকাৰৰ পৰা সদৰি কৰা হয় যে যোৱা ২৭ মাৰ্চত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো জাননী জাৰি কৰা হোৱা নাই। জাননী জাৰি কৰিবলৈ হ’লে প্ৰথমতে ৰাজ্যিক পৰ্যায়ৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বন্যপ্ৰাণী পৰিষদৰ পৰা অনুমতি ল’ব লাগিব। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰো অনুমতি লাগিব। তেনে অনুমতি এই পর্যন্ত নথকাৰ বাবেই কেবিনেট সিদ্ধান্তৰ ভিত্তিত চৰকাৰে জাননী জাৰি কৰিব পৰা নাই। উল্লেখযোগ্য যে ২০০৯ চনত দীপৰ বিলক বন্যপ্রাণী অভয়াৰণ্য ঘোষণা কৰা হৈছিল।
Site Admin | April 6, 2024 12:48 PM | deepor beel
দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ জাননী জাৰিত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
