ম্যানমাৰৰ ভূমিকম্পত নিহত লোকৰ সংখ্যা ৩,৩৫৪ লৈ বৃদ্ধি পাইছে। ভূমিকম্পৰ পাছৰে পৰা ২০০ ৰো অধিক লোক সন্ধানহীন হৈ আছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ মাণ্ডলেত উপস্থিত হোৱা ৰাষ্ট্ৰসংঘৰ সাহায্য মুৰব্বী টম ফ্লেচৰে সাহায্য প্ৰচেষ্টাৰ বাবে মানৱীয় আৰু সমূহীয়া সংস্থাসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘ সহায়ৰ বাবে প্ৰস্তুত আৰু বিশ্বই ম্যানমাৰৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিয়া উচিত। ভাৰত আৰু অন্য দেশৰ উদ্ধাৰকাৰী দলে সাহায্য অভিযানত সক্রীয়ভাবে সহযোগিতা আগবঢ়াই আছে। ভাৰতে ব্ৰহ্মা অভিযানৰ অধীনত শনিবাৰে ম্যানমাৰলৈ অতিৰিক্ত ৪৪২ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। সামগ্ৰীখিনি কঢ়িয়াই অনা ভাৰতীয় নৌ সেনাৰ ঘঁৰিয়াল নামৰ জাহাজখন থিলাৱা বন্দৰত উপস্থিত হৈছে আৰু ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্রদূত অভয় ঠাকুৰে য়াংগুনৰ মুখ্যমন্ত্রী য়ু ছোই থিনক সামগ্ৰীখিনি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে।
Site Admin | April 6, 2025 1:26 PM | Death toll in quake-hit Myanmar rises to 3354
ম্যানমাৰৰ ভূমিকম্পত নিহত লোকৰ সংখ্যা ৩,৩৫৪লৈ বৃদ্ধি
