বৰপেটা ৰোডৰ বাসিন্দা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি থকা দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৭ বছৰ। সুদীৰ্ঘ দিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত দাসে গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো দৈনিক বাতৰি কাকতৰ লগতে বৈদ্যুতিন মাধ্যমৰ সৈতেও জড়িত আছিল। তদুপৰি অসম নাট্য সন্মিলনৰ বৰপেটা জিলাৰ সভাপতি আৰু জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বও তেওঁ পালন কৰিছিল। তেওঁৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে।
Site Admin | September 2, 2024 6:16 PM | death news
জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান
![জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান](https://www.newsonair.gov.in/wp-content/uploads/2024/09/Akashbani-news.jpg)