April 8, 2024 11:23 AM | death news

printer

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ দেহাৱসান

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰৰ আসন শুৱনি কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰাৰ উপৰি কেইবাখনো অভিধানৰ তেওঁ যুটীয়া সংকলক আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা চলিহাই শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য, মাধৱদেৱ অধ্যয়নৰ ভূমিকা আদি উল্লেখযোগ্য গ্রন্থ প্রণয়ন কৰিছিল। ১৯৬১ চনৰ পৰা ১৯৬৯ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত সংস্কৃত মহাভাৰতৰ অসমীয়া অনুবাদক ৰূপেও তেওঁ সেৱা আগবঢ়াইছিল। প্রাজ্ঞৰত্ন উপাধিৰে বিভূষিত চলিহাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ।

অধিক পঢ়ক

সকলো চাওক