ডাউনলোড
মোবাইল এপ

android apple
signal

November 30, 2024 12:46 PM | dc jjm jayanta mall

printer

ৰাজ্যত বৰ্তমানলৈ প্ৰায় ১৫জন জিলা আয়ুক্তৰ এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্রহণ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিছে, যে বৰ্তমানলৈ প্ৰায় ১৫জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্রহণ কৰিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, মাজুলী, চৰাইদেউ, গোলাঘাট, ধুবুৰী, হাইলাকান্দি, দৰং আৰু ধেমাজিৰ জিলা আয়ুক্তই নিজৰ এলেকাত এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে নলযোগে বিশুদ্ধ খোৱাপানী যোগান আঁচনি পৰিদৰ্শন কৰে। এই প্ৰচেষ্টাৰ অংশ হিচাপে সাংসদ আৰু বিধায়কসকলক এটাকৈ আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। জলজীৱন মিছনৰ সৈতে জড়িত অভিযন্তাসকলে ইতিমধ্যে এটাকৈ আঁচনিৰ দায়িত্ব গ্রহণ কৰিছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এনেধৰণৰ সামূহিক প্রচেষ্টাই ভৱিষ্যতে পানী ব্যৱহাৰকাৰী সমিতিসমূহক সঠিকভাৱে কাম কৰি যোৱাত সহায় কৰিব। তিনিচুকীয়াতো জিলা আয়ুক্ত স্বপ্নীল পালে বৰডুবি গাঁও পঞ্চায়তৰ অন্তৰ্গত কুঁৱৰী পথাৰ পানীযোগান আঁচনিৰ উপভোক্তা সমিতিৰ পৰামৰ্শদাতা হিচাপে দায়িত্ব গ্ৰহণ কৰে। আয়ুক্তগৰাকীয়ে আজি আঁচনিখন পৰিদৰ্শনৰ কৰাৰ লগতে উপভোক্তাসকলৰ সৈতে আলোচনাত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক