দৰং জিলাৰ মঙলদৈত আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছে। দৰং জিলা জ্ঞান বিজ্ঞান সমিতি আৰু মঙলদৈ মহাবিদ্যালয়ৰ আতিথ্যত জ্ঞান বিজ্ঞান সমিতি অসমৰ এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে অংশ লৈছে। আজি উদ্বোধনীৰ দিনা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা শিশু প্রতিনিধি আৰু নাম পঞ্জীয়ন আৰু দল গঠনৰ পাছত প্ৰতিনিধিসকলক বিভিন্ন গোটত বিভক্ত কৰি বিজ্ঞানৰ মজা, অংকৰ খেল, কল্পনাৰ সৃষ্টিশীলতাকে ধৰি কেইবাটাও বিষয়ত শিকন কোন শীর্ষক অনুষ্ঠান ৰূপায়ণ কৰা হয়। সমাৰোহৰ অংশ হিচাপে আয়োজিত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে মঙলদৈৰ বিধায়ক বসন্ত দাসে। একেদৰে দৰং জিলা জ্ঞান বিজ্ঞান সমিতিৰ মুখ্য উপদেষ্টা, প্রবীন শিক্ষাবিদ ড° আমানুল হকে গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে। বিয়লিৰ ভাগত অতিথি শিশুৰ মিলন পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ সামুহিক সন্মিলন, বিজ্ঞান জনপ্ৰিয়কৰণত বিজ্ঞান প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ শীৰ্ষক আলোচনা চক্ৰ, অসম গৌৰৱ বঁটাপ্ৰাপক বিশিষ্ট উদ্যোগপতি অনুপম ডেকাৰ সৈতে মত বিনিময়, সাংস্কৃতিক অনুষ্ঠান আৰু আকাশ চাও আহা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Site Admin | March 27, 2025 8:15 PM | darrang conclave sishu bijnan samaroh
দৰং জিলাৰ মঙলদৈত ৪দিনীয়াকৈ একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ
