জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বান ক্ষতিগ্ৰস্ত দৰং জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। ছিগা মথাউৰিৰ পুনৰ নিৰ্মাণ কৰাৰ সময়ছোৱাত বানপীড়িত ৰাইজক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ তেওঁ দৰং জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। মন্ত্ৰী শ্ৰীহাজৰিকাই কয় যে, বান প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কাঁহীতলীত দিমিলা নৈৰ বানৰ ফলত ছিগা জলসিঞ্চন বিভাগৰ ৰিং বান্ধ পৰিদৰ্শন কৰে। তেওঁ দৰং আৰু কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল হালধাত উপস্থিত হৈ বৰনদী নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰা বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে৷ কামৰূপ জিলাৰ কলাজলৰ বানপীড়িত অঞ্চলো তেওঁ পৰিদৰ্শন কৰে। আজিৰ এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, বিধায়ক দিগন্ত কলিতাৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু জলসম্পদ বিভাগৰ অভিযন্তা, বিষয়া উপস্থিত থাকে।
Site Admin | June 22, 2024 8:42 PM | darrang flood pijush hazarika order