দৰং জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰীয় গুণগত মান নিশ্চিতকৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ তিনিটা আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। এই বিশেষ স্বীকৃতি লাভ কৰা আৰোগ্য মন্দিৰ তিনিটা হৈছে- পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত শালিকাঝাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত সানোৱা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ব্যাসপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰ। উল্লেখযোগ্য যে এই স্বীকৃতি লাভৰ বাবে স্বাস্থ্যকেন্দ্ৰ কেইটাত প্রয়োজনীয় অন্তিম পৰ্যায়ৰ মূল্যায়ন যোৱা মাহত সম্পন্ন হৈছিল। নেচনেল হেলথ ছিষ্টেম ৰিচাৰ্ছ চেণ্টাৰৰ মূল্যায়নকাৰী দলে আহি স্বাস্থ্যকেন্দ্ৰ তিনিটা পৰ্যৱেক্ষণ কৰিছিল। স্বাস্থ্যকেন্দ্ৰ কেইটাই আগবঢ়োৱা সেৱা আৰু গুণগত মানৰ বাবে অন্তিম পৰ্যায়ৰ মূল্যায়নত শালিকাঝাৰ আয়ুষ্মান আৰোগ্য মন্দিৰে ৯০ দশমিক ৭-৫ শতাংশ, সানোৱা আয়ুষ্মান আৰোগ্য মন্দিৰে ৯০ দশমিক ০–৪ শতাংশ আৰু ব্যাসপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰে ৮৪ দশমিক ০–৪ শতাংশ নম্বৰ লাভ কৰি এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে।
Site Admin | July 17, 2024 8:58 PM | darrang ayusman arogya mondir