ডাউনলোড
মোবাইল এপ

android apple
signal

দৰং জিলাৰ ধূলা-খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত দুজন

দৰং জিলাৰ ধুলা আৰু খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্রীবাহী বাছক বিপৰীত দিশৰ পৰা যোৱা এখন তীব্ৰবেগী ডি আই গাড়ীয়ে খুন্দিওৱাৰ ফলতে দুজন যাত্রী নিহত আৰু ভালে কেইগৰাকী যাত্রী আহত হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে AS-20-2289 নম্বৰৰ পৰিবহণ নিগমৰ অধীনত চলাচল কৰা এই বাছখনত মুঠ ৩৫ জন যাত্রী আছিল আৰু বাছখনত বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ডি আই গাড়ীখনে সোঁ-ফালৰ মাজ অংশত খুন্দিওৱাৰ ফলত তেজপুৰৰ দ-পৰ্বতীয়াৰ নাৰায়ণ বৰা আৰু তেজপুৰৰ গাৰোৱান পট্টীৰ প্ৰদীপ দে নামৰ যাত্ৰী দুজন থিতাতে নিহত হয়। এই দুৰ্ঘটনাত মানৱী বাটচা, কৃষ্ণা দেৱী, অম্লান পাল, পুৰবী দে, আবেদন আলী, বেদাংগ হাজৰিকা, মধুস্মিতা শ‍ইকীয়া আৰু অনুপম দাস নামৰ আন ৮জন যাত্রী গুৰুতৰভাৱে আহত হয়। তেওঁলোকক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হয় আৰু ইয়াৰে তিনিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয়। দুর্ঘটনা সংঘটিত কৰাৰ পাছতে ডি আই বাহনখন পলায়ন কৰে ৷

অধিক পঢ়ক

সকলো চাওক