দৰং জিলা ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ যৌথ উদ্যোগত আৰু ৰেচম বিভাগৰ কাৰিকৰীৰ সহযোগত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলত বৰ্তমান পৰম্পৰাগত পদ্ধতিৰ সৈতে ৰেচম পলু পালনৰ আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাই ৰেচম উৎপাদনৰ নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোৰ শ’লপাম, বছা চুবা, গৰকামৰা আৰু খাচ সোণাপুৰ গাঁৱৰ মহিলাসকলক ৰেচম বিভাগে উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ পাছত পাৰ্ট পলু আৰু এৰী পলু পালনৰ কামত নিয়োজিত কৰা হৈছে। তেওঁলোকক প্ৰদান কৰা প্ৰতি পেকেট অধিক উৎপাদনক্ষম ৰেচম বীজৰ পৰা এমাহৰ ভিতৰত কমেও ৮ কিলোগ্ৰাম ৰেচম লাট উৎপাদিত হ’ব। এই ৰেচম লাটৰ বজাৰ মূল্য প্রতি কিলোগ্ৰামত ৩৫০ টকাৰ পৰা ৪৫০ টকা পৰ্যন্ত হোৱাৰ বাবে প্ৰতিগৰাকী মহিলাই শ্ৰমৰ বিনিময়ত গড় হিচাপে মাহিলী প্রায় তিনি হাজাৰ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে এনে ৰেচম পালক মহিলাৰ সংখ্যা দুশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Site Admin | November 25, 2024 8:19 PM | Darrang