দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জোৰদাঙাৰ পৰা আজি পুৱতি নিশা আৰক্ষীয়ে ১৬জন বাংলাদেশী নাগৰিকক আটক কৰিছে। কেইমাহ মান পূৰ্বে এই লোককেইজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি বাংগালুৰুত শ্রমিক হিচাপে কাম কৰাৰ পাছত ঘৰলৈ উভতি যোৱাৰ বাবে মানকাচৰ সীমান্তত উপস্থিত হৈছিল। মানকাচৰ আৰক্ষীয়ে চোৰাং ব্যৱসায়ীক বাধা দিবলৈ সীমান্তত টহল দি থকা অৱস্থাত এই লোক কেইজনে সীমান্ত অতিক্ৰম কৰাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। লোক কেইজনক মানকাচৰ থানাত জেৰা কৰি থকা হৈছে আৰু আজি নিশাৰ ভাগত লোক কেইজনক বাংলাদেশলৈ ওভতাই পঠোৱা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
Site Admin | December 23, 2024 8:28 PM | dakshin salmara bangaladesh citizen