ৰেমালৰ নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূব-মধ্য বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমাল নামৰ এই বতাহজাকে কাইলৈ মাজনিশাৰ ভিতৰত বাংলাদেশ আৰু পশ্চিম বংগৰ উপকূল অতিক্ৰম কৰি বিপজ্জনক সাগৰীয় ধুমুহাত পৰিণত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ বিভিন্ন স্থানত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ওড়িশাৰ উত্তৰ উপকূল অঞ্চলত প্ৰবল বৰষুণৰ আগজাননী দিয়া হৈছে। একেদৰে ইয়াৰ প্ৰভাৱত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটি কালি এখন বৈঠকত মিলিত হয়। কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সাগৰীয় ধুমুহাৰ মুখামুখি হ’ব পৰাকৈ গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়।

Read More News : 

ধুমুহাৰ পৰিপ্ৰেক্ষিতত মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ নিৰ্দেশ দিয়া হৈছে। জিলা নিয়ন্ত্রণ কক্ষসমূহ সক্ৰিয় কৰি তোলা হৈছে আৰু পৰিস্থিতিত অহৰহ চকু ৰখা হৈছে। প্ৰস্তুতিৰ অংশ হিচাপে পর্যাপ্ত আশ্রয়স্থান, বিদ্যুৎ যোগান, ঔষধপাতি আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১২টা দলক নিয়োগ কৰা হৈছে আৰু অতিৰিক্ত ৫টা দলক সাজু কৰি ৰখা হৈছে। একেদৰে সেনাবাহিনী, নৌসেনা আৰু উপকূল ৰক্ষীৰ উদ্ধাৰ আৰু সাহায্যকাৰী দলকো জাহাজ, বিমানসহ সাজু কৰি ৰখা হৈছে।

অধিক পঢ়ক

সকলো চাওক