ডাউনলোড
মোবাইল এপ

android apple
signal

October 24, 2024 12:37 PM | Dana Cyclone

printer

ঘূৰ্ণীবতাহ ডানা আজি নিশা বা কাইলৈ নিচেই পুৱা ওড়িশাৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা

পূব মধ্য বংগোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘূৰ্ণীবতাহ জাকে আজি নিশা বা কাইলৈ নিচেই পুৱা ভিটৰকণিকা আৰু ধাম্ৰাৰ মাজত ওড়িশাৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকে খুন্দা মৰাৰ সময়ত প্রতি ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰ বতাহ বলিব পাৰে বুলি সতৰ্ক কৰি দিছে। বতাহ জাক সম্প্রতি ওড়িশাৰ পাৰাদ্বীপৰ পৰা ৪২০ কিলোমিটাৰ আৰু ধাম্ৰাৰ উপকূলভাগৰ পৰা ৪৫০ কিলোমিটাৰ নিলগত আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ উপকূল ভাগৰ পৰা ৫০০ কিলোমিটাৰ নিলগত কেন্দ্ৰীভূত হৈ আছে। বতাহজাকৰ ফলত ওড়িশাৰ কেন্দ্ৰপাৰা, বালেশ্বৰ আৰু ভদ্ৰক জিলাৰ সৰ্বাধিক ক্ষতি হব পাৰে বুলি আশংকা কৰা হৈছে। বতাহ জাকৰ প্ৰভাৱত এই জিলাকেইখনত প্ৰৱলতৰ বৰষুণ হব পাৰে। ৰাজ্যখনৰ অন্য ১১খন জিলাতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধুমুহা জাকৰ সম্ভাৱনালৈ চাই ভুৱনেশ্বৰত বিজু পার্টনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সেৱা আজি বিয়লি ৫ বজাৰ পৰা কাইলৈ পুৱা ৯ বজালৈ বাতিল কৰা হৈছে। উপকূল ভাগৰ দএলেকাসমূহত বাস কৰা লোকসকলক বহুমুখী ধুমুহা কেন্দ্ৰলৈ আঁতৰাই নিয়া হৈছে। ৰাজ্যখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে ভালেমান চৰকাৰী প্ৰতিষ্ঠান কাইলৈকে বন্ধ ৰখা হৈছে। চিকিৎসক আৰু চৰকাৰী কৰ্মচাৰীসকলৰ ছুটি বাতিল কৰা হৈছে। ইয়াৰ উপৰি ধুমুহাৰ আশংকালৈ চাই কেইবাখনো যাত্ৰীবাহী ৰেল গাড়ীৰ চলাচলো বাতিল কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক