May 14, 2024 8:33 PM | Cyber crime

printer

চৰকাৰী বিষয়াৰূপী প্ৰৱঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণক পৰামৰ্শ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে আৰক্ষী, চিবিআই, মাদক দ্রব্য নিবাৰণী বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু অন্য আইন বলৱৎকাৰী সংস্থাৰ বিষয়াৰূপী প্ৰৱঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে একাংশ চাইবাৰ অপৰাধীয়ে চৰকাৰী বিষয়াৰ বেশত ভয়-ভাবুকি দেখুৱাই প্ৰৱঞ্চনা, ধন দাবীকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য কৰি অহা সন্দৰ্ভত ক্রাইম ৰিপ’র্টিং প’ৰ্টেলত ভালেসংখ্যক অভিযোগ পঞ্জীভুক্ত হৈছে। মন্ত্রালয়ে লগতে কয় যে, এনেধৰণৰ ঘটনাত বহু লোকে অপৰাধীৰ কবলত পৰি বৃহৎ পৰিমাণৰ ধন হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেধৰণৰ সংগঠিত অর্থনৈতিক অপৰাধ সংঘটিত কৰা এটা চক্ৰ সীমান্তৰ সিপাৰৰ পৰা পৰিচালনা কৰা হয় বুলি প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে কয় যে, এনেধৰণৰ অপৰাধীসকলে স্কাইপ বা অন্য ভিডিঅ কনফাৰেন্সিং প্লেটফৰ্মত জনসাধাৰণক ভীতি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰে। মন্ত্ৰালয়ে এনে ধৰণৰ ঘটনা সন্মুখীন হোৱাৰ লগে লগে ১৯৩০ হেল্পলাইন নম্বৰ নাইবা WWW.CYCBERCRIME.GOV.INত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক