ভাৰতীয় ক্রিকেট দলৰ বেটছমেন শিখৰ ধাৱানে সকলো ধৰণৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমত নিজৰ অৱসৰৰ এটা আৱেগিক ভিডিঅ’ প্ৰকাশ কৰি ৩৮ বছৰীয়া শ্ৰী ধাৱানে খেলুৱৈ জীৱনত তেওঁক বিভিন্ন প্ৰকাৰে সহায় কৰা পৰিয়ালৰ লোকসকলৰ লগতে প্ৰশিক্ষক আৰু দলৰ সদস্যসকলক ধন্যবাদ জনায়। বাঁওহতীয়া বেটছমেনগৰাকীয়ে টীম ইণ্ডিয়াৰ হৈ ৩৭খন টেষ্ট, ১৬৭ খন এদিনীয়া আৰু ৬৮খন টি-টুৱেণ্টী মেচত অংশগ্ৰহণ কৰিছিল। এদিনীয়া খেলত প্ৰদৰ্শন কৰা অনবদ্য বেটিং শৈলীৰ বাবে শিখৰ ধাৱান মিষ্টাৰ আই চি চি নামেৰেও জনাজাত আছিল ৷ আন্তর্জাতিক ক্ৰিকেটত তেওঁ মুঠ ১০ হাজাৰ ৮৬৭ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত কেৱল এদিনীয়া আন্তর্জাতিকতে শ্রী ধাৱানে ৬ হাজাৰ ৭৯৩ ৰান কৰিছে। শিখৰ ধাৱানে এদিনীয়া আন্তর্জাতিকত ১৭ টা শতক আৰু ৩৯ টা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁ ১৫খন খেলত ভাৰতীয় দলক নেতৃত্বও দিছে। খেলুৱৈগৰাকীয়ে ২০২২ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন আন্তর্জাতিক এদিনীয়াত অংশগ্ৰহণ কৰিছিল। আনহাতে আই পি এলত শিখৰ ধাৱানে ২২২ খন খেলত ৬ হাজাৰ ৭৬৯ ৰান সংগ্রহ কৰিছে। আই পি এলত ২০১৬ চনত তেওঁ প্ৰতিনিধিত্ব কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ চূড়ান্ত বিজয়ী হৈছিল।
Site Admin | August 24, 2024 6:54 PM | Cricketer Shikhar Dhawan announces retirement from International and Domestic Cricket