ভাৰতীয় মহিলা ক্রিকেট দলটো আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ’ব। খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া সাত বজাত আৰম্ভ হ’ব। শৃংখলাটোৰ প্ৰথমখন খেলত একেখন ষ্টেডিয়ামতে আলহী দলটোৱে ভাৰতক ১২ ৰানৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষিত হৈছিল।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্রিকেট দলৰ আজি তৃতীয়খন টি-২০ মেচ
