পুণেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক ১৫ ৰানত পৰাস্ত কৰে। ভাৰত সম্প্ৰতি শৃংখলাত ৩-১ ব্যৱধানত আগবাঢ়ি আছে। ইংলেণ্ডে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবি বিষ্ণয় আৰু হৰ্ষিত ৰাণাই তিনিটাকৈ উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীয়ে একেটা অভাৰতে হেৰী ব্রুক আৰু ব্ৰাইড’ন কাৰ্চেৰ গুৰুত্বপূৰ্ণ উইকেট দুটা দখল কৰি ইংলেণ্ডৰ বেটিং লাইন বিধ্বস্ত কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৮১ ৰান সংগ্ৰহ কৰে। হার্দিক পাণ্ডিয়াই ৩০টা বলত ৫৩ ৰান কৰাৰ লগতে শিৱম ডুবে ৩৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ ছাকিব মহম্মদে তিনিটাকৈ উইকেট দখল কৰে। শিৱম ডুবেক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন খেল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
Site Admin | February 1, 2025 12:17 PM | Cricket India beat England by 15 runs in 4th T20I
ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ১৫ ৰানত জয় ভাৰতৰ
