ডাউনলোড
মোবাইল এপ

android apple
signal

November 25, 2024 8:26 PM | Cricket

printer

পার্থত অনুষ্ঠিত প্রথম টেষ্টত ভাৰতৰ হাতত অষ্ট্ৰেলিয়া ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাজিত

পার্থত অনুষ্ঠিত প্রথম টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰি ইতিহাস সৃষ্টি কৰিছে। ভাৰতে এই জয়ৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আজি খেলখনৰ চতুৰ্থ দিনা জয়লাভৰ বাবে দ্বিতীয় ইনিংছত ৫৩৩ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই কেৱল ২৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। অষ্ট্ৰেলিয়াৰ হৈ ট্রেভিছ হেডে সৰ্বাধিক ৮৯ ৰাণ সংগ্ৰহ কৰে। মিছেল মাৰ্ছে ৪৭ আৰু এলেক্স কেৰীয়ে ৩৬ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ অধিনায়ক যশপ্রীত বুমৰা আৰু মহম্মদ ছিৰাজে ৩টাকৈ উইকেট দখল কৰে। ৱাছিংটন সুন্দৰে দুটা আৰু হৰ্ষিত ৰাণা আৰু নীতিশ ৰেড্ডীয়ে এটাকৈ উইকেট দখল কৰে। ইয়াৰ আগতে আজি পুৱা কালি ৩ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১২ ৰানৰ পৰা খেলিবলৈ লৈ অষ্ট্ৰেলিয়াই ভোজন বিৰতিৰ পাছত বাকী ৭টা উইকেট হেৰুৱায়। স্বদেশত অনুষ্ঠিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শৃংখলাৰ প্ৰথমখন টেষ্টত আজিৰ এই পৰাজয় অষ্ট্ৰেলিয়াৰ ভূমিত ভাৰতৰ বিৰুদ্ধে এয়া সৰ্ববৃহৎ ৰাণৰ ব্যৱধানৰ পৰাজয়। উল্লেখযোগ্য যে টেষ্টখনত মুঠ ৮টা উইকেট দখল বুমৰাই মেন অৱ দা মেচৰ সন্মান লাভ কৰে। এই জয়ৰ সূত্ৰে ভাৰতে আই চি চি টেষ্ট ৰেংকিঙত পুনৰ শীৰ্ষস্থানলৈ অগ্ৰসৰ হৈছে। শৃংখলাৰ দ্বিতীয় টেষ্টখন অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক