অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছত ৭ উইকেটৰ বিনিময়ত ৬৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ যশপ্রীত বুমৰাই চাৰিটা উইকেট দখল কৰে। মহম্মদ চিৰাজে দুটা আৰু হৰ্ষিত ৰাণাই এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় বেটছমেনসকলে অষ্ট্ৰেলিয়াৰ বেগী বলাৰৰ সন্মুখীন হৈ বিপৰ্যয়ৰ সন্মুখীন হয়। ভাৰতে টছত জিকি প্রথমে বেট ধৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ১৫০ ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত অভিষেক ঘটা নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক ৫৯টা বলত ৪১ ৰাণ সংগ্ৰহ কৰে। ঋষভ পন্টে ৩৭ আৰু কে এল ৰাহুলে ২৬ ৰানৰ বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ হৈ হেজেলউডে ২৯ ৰান দি চাৰিটা আৰু মিচেল ষ্টাৰ্ক আৰু পে’ট কামিংছে দুটাকৈ উইকেট সংগ্ৰহ কৰে।
Site Admin | November 22, 2024 8:27 PM | Cricket