ইংলেণ্ডৰ বিৰুদ্ধে অব্যাহত থকা এদিনীয়া ক্রিকেট শৃংখলাৰ কালি কটকত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰত ৪ উইকেটত জয়ী হয়। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে ।
ভাৰতে অধিনায়ক ৰোহিত শৰ্মাৰ শতক তথা শুভমন গিল, শ্রেয়ছ আয়াৰ আৰু অক্ষৰ পেটেলৰ দর্শনীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু তিনিটা বলত আলহী দলটোৱে বান্ধি দিয়া ৩০৫ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰে। ৰোহিত শৰ্মাই ৯০টা বলত ১১৯, শুভমন গিলে ৬০, শ্ৰেয়ছ আয়াৰে ৪৪ আৰু অক্ষৰ পেটেলে অপৰাজিত ৪১ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ গাছ এটকিনছনে সর্বাধিক দুটা উইকেট লাভ কৰে।
ইয়াৰ পূৰ্বে টছত জিকি প্রথমে বেট ধৰা ইংলেণ্ড দলটোৱে জ‘ ৰুটৰ ৬৯, বেন ডাকেটৰ ৬৫ আৰু লিয়াম লিভিংষ্টনৰ ৪১ ৰাণৰ বৰঙণিৰে ৪৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱা ৩০৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে। ৰোহিক শৰ্মাক খেলখনৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়।
উল্লেখযোগ্য যে, এয়া হৈছে ইংলেণ্ডৰ বিৰুদ্ধে গৃহভূমিত ভাৰতৰ ক্ৰমাগত সপ্তমটো শৃংখলা জয়। চলিত শৃংখলাৰ প্ৰথম খেলখনত ভাৰতে দলটোক ৪ উইকেটত পৰাস্ত কৰিছিল। শৃংখলাৰ অন্তিম খেলখন অহা ১২ ফেব্ৰুৱাৰীত আহমেদাবাদত অনুষ্ঠিত হ‘ব।