ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 8:11 PM | CPI

printer

ভাৰতৰ কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ

ভাৰতৰ কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি আইৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে আজি গুৱাহাটীৰ ৰাজগড়ত অৱস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ৰ প্ৰাংগণত শতবৰ্ষৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা ডম্বৰু বৰাই ৰক্ত পতাকা উত্তোলন কৰাৰ লগতে যোৱা ১০০ বছৰে দেশৰ প্ৰতি সেৱা আগবঢ়াই জীৱন উৎসৰ্গা কৰা সংগ্ৰামী নেতাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পন, ৰাজহুৱা সভা আদিও অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ ডº হীৰেন গোহাঁঞে কয়, যে, চি পি আইৰ দলৰ নেতা-কৰ্মীসকলে দলটোৰ সাংগঠনিক অৱস্থাৰ বিষয়ে নির্মোহ পৰ্যালোচনা কৰাৰ প্রয়োজন আছে। অনুষ্ঠানত চি পি আই এমৰ নেতা শতঞ্জীৱ দাস, ফৰোৱাৰ্ড ব্লকৰ ৰাজ্যিক অধ্যক্ষ মিহিৰ নন্দী, এন চি পি দলৰ সম্পাকৰ পৰেশ বৰুৱা আদিৰ লগতে বিশিষ্ট সাংবাদিক বৈকুণ্ঠ গোস্বামী, দেৱেন তামুলী, লেখিকা সুপর্ণা লাহিৰী আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক