আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলন আৰম্ভ হৈছে। সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভৱিষ্যতৰ বিকাশত সমবায় সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলনত শ্ৰীমোদীয়ে আৰু কয়, যে সমবায়সমূহ কেৱল একো একোটা আৰ্হিয়েই নহয়, বৰং এইসমূহ হৈছে ভাৰতৰ সংস্কৃতিৰ ভেঁটি। তেওঁ কয়, যে দেশৰ সমবায়সমূহ এটা ধাৰণাৰ পৰা আন্দোলনলৈ, আন্দোলনৰ পৰা বিপ্লৱলৈ আৰু বিপ্লৱৰ পৰা সৱলীকৰণলৈ ৰূপান্তৰিত হৈছে। তেওঁ লগতে কয়, যে ভাৰতে সমবায়ৰ জৰিয়তে সমৃদ্ধিৰ মন্ত্ৰক অনুসৰণ কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে এটা স্মাৰক ডাক টিকটো মুকলি কৰে। আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোট- আই চি এৰ ১৩০ বছৰীয়া দীঘলীয়া ইতিহাসত ভাৰতত প্ৰথমবাৰৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলন আৰু সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। ভূটানৰ প্রধানমন্ত্রী – দাশ্বো শ্বেৰিং টৰ্গে আৰু ফিজিৰ উপ-প্রধানমন্ত্রী মানোৱা কামি কামিকায়ো এই সন্মিলনত অংশগ্রহণ – কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে, ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডে আই চি এ আৰু ভাৰত চৰকাৰ তথা ভাৰতীয় সমবায় আমূল আৰু ক্ৰিভকোৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে, ১৮৯৫ চনত আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্রজোট গঠন কৰা হৈছিল। ই বিশ্বৰ ৩০ লাখ সমবায় প্রতিষ্ঠানক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ ১০০ কোটিৰো অধিক সদস্য আছে। ভাৰত মণ্ডপমত আয়োজিত ছদিনীয়া এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমবায়সমূহৰ বিভিন্ন কাৰ্য্যসূচী আৰু আলোচনা অনুষ্ঠিত হ’ব। এই কাৰ্য্যসূচীত দেশ-বিদেশৰ প্ৰায় ৩ হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনে সকলোৰে বাবে সামূহিক, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত সমবায়সমূহৰ ভূমিকাৰ বিষয়ে অন্বেষণ কৰিব।
Site Admin | November 25, 2024 8:39 PM | cooperative conference