ডাউনলোড
মোবাইল এপ

android apple
signal

December 17, 2024 7:54 PM | indian constitution

printer

ৰাজ্যসভাত আজি সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পৰ্কীয় বিশেষ আলোচনা

ৰাজ্যসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পৰ্কীয় বিশেষ আলোচনা আজি পুনৰ আৰম্ভ আলোচনাত অংশ লৈ উচ্চ সদনৰ নেতা তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কয়, যে ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰই নহয়, বৰং গণতন্ত্ৰৰ মাতৃও। তেওঁ কয়, যে ভাৰতীয় প্ৰমূল্য অনুসৰি স্বাধীনতা, গ্রহণযোগ্যতা, সমতা আৰু সংহতি সংবিধানৰ মূল অংগ আৰু এই প্ৰমূল্যৰাজিয়ে জনসাধাৰণক মৰ্য্যাদাপূর্ণ জীৱন ধাৰণত সহায় কৰে। চৰকাৰ এই দৃষ্টিভংগীৰ প্ৰতি সমৰ্পিত বুলিও তেওঁ উল্লেখ কৰে। অতীতত কংগ্ৰেছে সংবিধানক অৱমাননা কৰা বুলি অভিযোগ তুলি শ্রীনাড্ডাই কয়, যে দলটোৱে ন্যায়পালিকাৰ স্বাধীনতাক আক্ৰমণ কৰিছে আৰু সেই সময়ৰ চৰকাৰৰ কু-অভিপ্ৰায়ৰ বিৰুদ্ধে ৰায় প্ৰদান কৰাৰ বাবে কেইবাগৰাকীও ন্যায়াধীশক অপসাৰিত কৰিছে। কংগ্ৰেছে বিভিন্ন ৰাজ্যৰ সুস্থিৰ চৰকাৰক আঁতৰাবলৈ ৯০ বাৰকৈ ৩৫৬ নম্বৰ অনুচ্ছেদৰ অপ-ব্যৱহাৰ কৰা বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ তোলে। তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেবে আলোচনাত ভাগ লৈ ১ শতাংশ জনসাধাৰণে ৰাষ্ট্ৰৰ সম্পত্তিৰ ৪০ শতাংশ নিয়ন্ত্ৰণ কৰি আছে বুলি অভিযোগ তোলে। মণিপুৰৰ বিষয়ত চৰকাৰৰ মৌনতাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
ডি এম কেৰ সাংসদ পি উইলচনে কয়, যে চৰকাৰে সংসদক অৱহেলা কৰিছে। তেওঁ লগতে যোৱা লোকসভাত কোনো ধৰণৰ আলোচনা অবিহনে অথবা এঘণ্টাতকৈও কম আলোচনাৰ অন্তত ২২১ খনৰো অধিক বিধেয়ক গৃহীত কৰা বুলি অভিযোগ তোলে।

কেন্দ্ৰীয় মন্ত্ৰী ভূপিন্দৰ যাদৱে আলোচনাত অংশ লৈ কয়, যে দেশৰ সাংবিধানিক আৰু সভ্যতাজনিত প্ৰমূল্যৰাজি অতিকে গুৰুত্বপূৰ্ণ। শ্ৰীযাদৱে লগতে লোকসভা নিৰ্বাচনৰ সময়ত ক্ষমতালৈ আহিলে চৰকাৰে সংবিধান সলনি কৰিব বুলি ভুৱা কথা প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছক তীব্র সমালোচনা কৰে। হাৰিয়াণা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নির্বাচনে বিৰোধী পক্ষক বাৰুকৈ এসেকা দিলে বুলিও তেওঁ মন্তব্য কৰে। চি পি আই এম জন ব্রিত্তাছে কয়, যে গণতন্ত্র, ধৰ্ম-নিৰপেক্ষতা আৰু যুক্তৰাষ্ট্ৰবাদ অবিহনে দেশৰ একতা বৰ্তাই ৰাখিব পৰা নাযায়। বিজেপিয়ে বিৰোধী পক্ষশাসিত ৰাজ্যসমূহৰ চৰকাৰক অস্থিৰ কৰি তোলাৰ চেষ্টা চলাই আছে বুলি অভিযোগ তোলে। জে ডি এছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেবেগৌড়া, কংগ্ৰেছৰ চৈয়দ নাছিৰ হুছেইন, টি এম চিৰ মমতা ঠাকুৰ, আৰ জে ডিৰ মনোজ ঝা প্ৰমুখ্যে ভালেকেইগৰাকী সাংসদে আলোচনাত ভাগ লয় ।

অধিক পঢ়ক

সকলো চাওক