জম্মুত কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেৰ নিৰ্বাচনী প্ৰচাৰ

জম্মুত আসন্ন নির্বাচনৰ বাবে নিজ দলৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈ কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে, ৰাহুল গান্ধীলৈ অহা ভাবুকিৰ বাবে তেওঁৰ দলে অনাগত সময়ত আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা মতে আৰ এছ এছ আৰু বিজেপিৰ বিষাক্ত মানসিকতাই তেওঁলোকৰ ওপৰত কোনোধৰণৰ বাধা আৰোপ কৰিব নোৱাৰে বুলি শ্ৰী খাৰ্গেই মন্তব্য কৰে। লোকসভাৰ বিৰোধী পক্ষৰ নেতাগৰাকীৰ বিৰুদ্ধে আগবঢ়োৱা অপমানজনক বক্তব্যৰ বাবে ভাৰতৰ প্রধানমন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিও তেওঁ অভিযোগ উত্থাপন কৰে। এখন সংবাদমেলত শ্রী খার্গেই কয় যে, বিজেপি-আৰ এছ এছ নেতাৰ লগতে বিধায়ক আৰু সাংসদসকলে বিৰোধী পক্ষৰ নেতাসকলৰ বাক স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰিছে। তেওঁ লগতে কয় যে, বিজেপি আৰু আৰ এছ এছৰ নেতাসকলৰ প্ৰধানমন্ত্ৰীৰ শংকা থকাৰ বাবেই বিভিন্ন ধৰণৰ উত্তেজনামূলক বক্তব্য দিয়াৰ পাছতো প্রধানমন্ত্রীয়ে সেইসমূহ আওকান কৰিছে ।

অধিক পঢ়ক

সকলো চাওক