কংগ্ৰেছৰ ইস্তাহাৰ মিথ্যাচাৰৰ মালিতা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰৰ মিথ্যাচাৰৰ মালিতা বুলি উল্লেখ কৰি আজি কয় যে, তেওঁৰ চৰকাৰৰ তৃতীয় কাৰ্যকাল দূৰ নহয় আৰু বিজেপি চৰকাৰে প্ৰথম ১০০ দিনৰ ভিতৰতে দুৰ্নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজস্থানৰ পুস্কৰত আজি বিয়লি এখন নির্বাচনী সভাত ভাষণ দি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত ১০ বছৰত এই ক্ষেত্ৰত লোৱা ব্যৱস্থাসমূহ ট্ৰেইলাৰহে আছিল। এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, বৰ্তমানৰ কংগ্ৰেছৰ কোনো নীতি অথবা আদর্শ নাই। কংগ্ৰেছে সকলো খিনি চুক্তিত দিয়া যেন প্ৰতীত হোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ শ্রীমোদীয়ে কয় যে, এনে ধৰণৰ দল এটাই দেশত স্বাৰ্থৰ হকে কোনো কাম কৰিব নোৱাৰে। তেওঁ কয় যে, বিজেপি এখন নতুন ভাৰত গঢ়িবলৈ বদ্ধপৰিকৰ। আনন্দ, সন্মান, সুৰক্ষা আৰু মহিলা শক্তিৰ সমৃদ্ধি মোদী চৰকাৰৰ নিশ্চয়তা বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ভাৰতবৰ্ষত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ ৰূপে গঢ়ি তুলিবলৈ হ’লে দেশৰ অর্ধেক জনসংখ্যাৰ অংশগ্রহণ বৃদ্ধি কৰিবই লাগিব। তেওঁ লগতে কয় যে, ২০১৪ চনত পূর্ণ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ অহাৰ পাছত চৰকাৰে দেশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সূচনা কৰিছে। ভাৰতে সমুদ্ৰত বৃহৎ দলং নিৰ্মাণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক