ডাউনলোড
মোবাইল এপ

android apple
signal

শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছে। ৰাজস্থানৰ ছিকাৰত আজি বিয়লি এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, শিক্ষাৰ ব্যৱসায়ীকৰণ ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবে কেতিয়াও ভাল নহয়। তেওঁ কয় যে, শিক্ষা কেতিয়াও আয়ৰ উৎস নাছিল বৰং ত্যাগ, দান আৰু সুস্থ ৰাষ্ট্ৰ নিৰ্মাণৰহে মাধ্যম আছিল। শিক্ষা সম্প্ৰতি লাভৰ বাবে বিক্ৰী কৰা সামগ্ৰীৰূপে পৰিগণিত হোৱাৰ বিষয়লৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষোভ প্রকাশ কৰে। শ্রী ধনখড়ে কয় যে, উদ্যোগসমূহ গৱেষণা আৰু উদ্ভাৱনৰ পৰা সৰ্বাধিক লাভৱান্বিত হৈছে। তেওঁ কয় যে, বিদেশী আক্রমণকাৰীসকলে প্ৰাচীন ভাৰতৰ জ্ঞানৰ কেন্দ্ৰসমূহ ধ্বংস কৰিছিল আৰু ব্ৰিটিছ শাসনকালত ভাৰতীয় শৈক্ষিক প্রতিষ্ঠানসমূহ বিনস্ত কৰা হৈছিল। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰে যদিও ভাৰতত অনেক সুযোগ আছে। প্রতিষ্ঠান আৰু উদ্যোগজগতৰ কাণ্ডাৰীসকলে বিদ্যাৰ্থীসকলক এই বিষয়ে সজাগ কৰা উচিত বুলি শ্ৰী ধনখড়ে মন্তব্য কৰে। তেওঁ কয় যে, ইয়াৰ ফলত মেধাৰ প্ৰব্ৰজন আৰু বিদেশী মুদ্ৰাৰ লোকচান বন্ধ হ’ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিক ভূয়সী প্ৰশংসা কৰে।

অধিক পঢ়ক

সকলো চাওক